Posts

Showing posts from June, 2019

ৰিংছাং( A Tiwa word which means RISING SOUND) Finish

            ১৯৭২ চনৰ ১২ আৰু ১৩ ফ্ৰেব্ৰুৱাৰীত এই সন্মিলনৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয় । সেই অধিবেশনত বুদ্ধিমান বৰদলৈ দেৱক পুনৰ সভাপতি,গিৰিধৰ পাতৰক সাধাৰন সম্পাদক আৰু পূৰ্বৰ সংগঠক ক্ষীৰোদ পাতৰ দেৱক   লগতে নাৰায়ন কাকতি দেৱকযুটীয়া সম্পাদক হিচাবে লৈ ১৮ জনীয়া এখন কাৰ্য্যনিৰ্বাহ সমিতি গঠন কৰি দিয়ে । সেই অধিবেশনত থোৰাং আলোচনী সলনি ৰিংছাং নামৰ মুখপত্ৰ প্ৰকাশৰ প্ৰস্তাৱ গ্ৰহণ কৰি পদ্ম পাতৰক সম্পাদক আৰু এই লিখকক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পন কৰে । এই ৰিংছাং পৰৱৰ্তী কালৰ তিৱা ভাষা কৃষ্টি সংস্কৃতিৰ বুনিয়াদ ৰচনা কৰি গবেষক সকলক আকৰ্ষণ কৰি তিৱা জাতিক এক সন্মান জনক অৱস্থা লৈ উন্নিত কৰাই । এই সন্মিলনৰ পিছতেই তিৱা জনগোষ্ঠীৰ বিভিন্ন সমস্যা আলোচনা কৰি সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য কি হব তাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হয় । সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য দ্ৰষ্টব্য ।       ১৯৭২ ত কঠিয়াতলীত অনুষ্ঠিত হোৱা প্ৰথম অধিবেশনলৈ তিৱা ভাষাক বিজ্ঞান সন্মত ভাৱে লিখি বুনিয়াদ ৰচনা কৰা খৃষ্টান কেথলিক নিছনৰ ফাদাৰ M.Baloram MD আমন্ত্ৰণ জনোৱা হৈছিল।এই জনা খৃষ্টান ধৰ্মপুথি বাইবেল অন...

স্বৰ্গীয় গম্ভিৰ চন্দ্ৰ বৰদলৈৰ চমু পৰিচয়

চমু পৰিচয়:      অনুমান হয় ঊনৈশ শতিকা পৰিসমাপ্তি ঘটা বছৰতে বৰদলৈৰ দেৱৰ জন্ম হয় জাজৰি দলৈ গাৱৰ নিতান্ত দুখীয়া পৰিয়ালত ।সেইদিনত পঢ়া শালিৰ সংখ্যা যেনেকৈ তাকৰ, তেনেকৈ শিক্ষ...

স্বৰ্গীয় গম্ভীৰ চন্দ্ৰ বৰদলৈৰ জীৱনলেখ্য ১

স্বৰ্গীয় গম্ভীৰ চন্দ্ৰ বৰদলৈ -শ্ৰী গোপাল চন্দ্ৰ দাস       স্বৰ্গীয় গম্ভীৰ চন্দ্ৰ বৰদলৈৰ লালুং জততিৰ প্ৰতি অৱদান গুনিলোকে স্মৰণ কৰি থাকিব । তেখেত আছিল এজন সুদক্ষ শিক্ষক,সমাজ শৰ্মা আৰু সমাজ সংস্কাৰক , সংগীতকাৰ আৰু অগ্ৰগণি নেতা । এনেহেন লোকৰ অকাল বিয়োগত লালুং সমাজৰ অপূৰণীয় ক্ষতি হল । এই জনজাতি সম্প্ৰদায়ৰ ভিতৰত তেওঁয়েই সৰ্বপ্ৰথম নৰ্ম্মাল প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক । একমাত্ৰ শিক্ষকতাৰ ভিত্তিত চলাৰ কাৰনেই শিক্ষা দান কাৰ্যত সফলতা হোৱা দৃষ্টান্ত বহুত পোৱা যায় । তেসেতৰ গুণমুগ্ধ ছাত্ৰ সমাজে আজিও তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে । তেখেতৰ শিক্ষনীয় কালত বাৰ্ষিক বা শেষ ফলাফল বিশেষ সন্তুসজনক হৈ আছিল । শিক্ষা দান কাৰ্যত ছাত্ৰৰ প্ৰতি এফালে কেনেকৈ কঠোৰ নীতি মানি চলিছিল আনফালে আকৌ পুত্ৰৰ দৰে স্নেহ কৰিছিল৷ এই মাহৰ গুনৰ কাৰনে তেখেত ছাত্ৰ সমাজৰ মাজত অকপট স্নেহ,শ্ৰদ্ধা আৰু ভক্তিৰ পাত্ৰ হব পাৰিছিল ।        বৰদলৈ দেৱে আজৰি সময়ত গীতৰ চৰ্চা পৰিছিল । সেহে নিজে এজন সুগায়ক আছিল । প্ৰান খুলি গান গাই আকাশ বতাহ নিনাদিত কৰিছিল৷ কিছুমান গান তেওঁ নিজেও ৰচনা কৰি সুৰ কৰিছিল। আনৰ গানৰ সুৰত ...

Ringsang (a tiwa word which means প্ৰতিধ্বনি )

ৰিংছাং  (ই এটা তিৱা ভাষাৰ শব্দ.ইয়াৰ মূল অৰ্থ হৈছে " প্ৰতিধ্বনি ")       ৰিংছিং এসময়ৰ সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ।   এই সন্মিলনে১৯৭৮ চনৰ চহৰী অধিবেশনতৰ আবাল-বৃদ্ধ - বণিতা সকলোকে সামৰিব পৰাকৈ "সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলন "নামাৰে নামাংকিত কৰে ।       এই সন্মিলনখনৰ জন্ম হৈছিল ক্ষীৰোদ পাতৰৰ বিশেষ যত্নত ১৯৭১ চনৰ ২ , ৩ ফ্ৰেব্ৰুৱাৰি তাৰিখে কাহিনীৰ অবিভক্ত বাৰপূজীত । এই সন্মিলন খোলাত বিশেষ পৰামৰ্শ দাতা আছিল সেই সময়ৰ লালুং দৰবাৰৰ নেতা আৰু ৰামধেনুৰ লেখক ইন্দ্ৰ সিং দেউৰী দেৱ । সেই পৰামৰ্শ আহিছিল ধৰমতুলৰ কোনো মানুহ এঘৰত দুয়োৰে মাজত হোৱা সম্পূৰ্ণ ব্যক্তিগত আলোচনাত । দেউৰী দেৱে এনে এখন সন্মিলন গঠন কৰাৰ ক্ষেত্ৰত সেই সময়ৰ বিশিষ্ট সমাজসেৱী হেমৰাম বৰদলৈ দেৱৰ লগত ক্ষীৰোদ পাতৰক আগতীয়াকৈ আলোচনা কৰি লবলৈ পৰামৰ্শ দিয়ে । সেইমতে হেমৰাম বৰদলৈৰ লগত হোৱা আলোচনা আৰু পৰামৰ্শ মৰ্মে ১৯৭০ চনৰ ২৫ ডিচেম্বৰ নগাঁও জিলাৰ জনজাতি জিৰনি চৰাত থকা কলেজৰ ছাত্ৰ বৰ্গ মিলেশ্বৰ ডেকাদলৈ ,পদ্ম পাতৰ , মুকুন্দ বৰদলৈ,মহিৰাম বৰদলৈ,দীপেন বৰদলৈ,অমৰ বৰদলৈ,বিদ্যা বাংঠাই,নিপুল বৰ...

Popular posts from this blog

Agnigarh- Bana

Agnigarh -A Historical Site

ৰিংছাং( A Tiwa word which means RISING SOUND) Finish