ৰিংছাং
(ই এটা তিৱা ভাষাৰ শব্দ.ইয়াৰ মূল অৰ্থ হৈছে "প্ৰতিধ্বনি")
ৰিংছিং এসময়ৰ সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলনৰ মুখপত্ৰ । এই সন্মিলনে১৯৭৮ চনৰ চহৰী অধিবেশনতৰ আবাল-বৃদ্ধ-বণিতা সকলোকে সামৰিব
পৰাকৈ "সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলন "নামাৰে নামাংকিত কৰে ।
এই সন্মিলনখনৰ জন্ম হৈছিল ক্ষীৰোদ পাতৰৰ বিশেষ যত্নত ১৯৭১ চনৰ ২,৩ ফ্ৰেব্ৰুৱাৰি তাৰিখে কাহিনীৰ
অবিভক্ত বাৰপূজীত।এই সন্মিলন খোলাত বিশেষ পৰামৰ্শ দাতা আছিল সেই সময়ৰ লালুং দৰবাৰৰ নেতা আৰু
ৰামধেনুৰ লেখক ইন্দ্ৰ সিং দেউৰী দেৱ।সেই পৰামৰ্শ আহিছিল ধৰমতুলৰ কোনো মানুহ এঘৰত দুয়োৰে মাজত হোৱা সম্পূৰ্ণ
ব্যক্তিগত আলোচনাত ।দেউৰী দেৱে এনে এখন সন্মিলন গঠন কৰাৰ ক্ষেত্ৰত সেই সময়ৰ বিশিষ্ট সমাজসেৱী
হেমৰাম বৰদলৈ দেৱৰ লগত ক্ষীৰোদ পাতৰক আগতীয়াকৈ আলোচনা কৰি লবলৈ পৰামৰ্শ দিয়ে । সেইমতে হেমৰাম বৰদলৈৰ লগত
হোৱা আলোচনা আৰু পৰামৰ্শ মৰ্মে ১৯৭০ চনৰ ২৫ ডিচেম্বৰ নগাঁও জিলাৰ জনজাতি জিৰনি চৰাত
থকা কলেজৰ ছাত্ৰ বৰ্গ মিলেশ্বৰ ডেকাদলৈ ,পদ্ম পাতৰ , মুকুন্দ বৰদলৈ,মহিৰাম বৰদলৈ,দীপেন
বৰদলৈ,অমৰ বৰদলৈ,বিদ্যা বাংঠাই,নিপুল বৰদলৈ,অতুল বৰদলৈ,যোগেশ্বৰ বৰদলৈ,চাকিৰাম
ঠাকুৰীয়া,মাইনেশ্বৰ কোঁৱৰ আদি কৰি ২০ জন মানে ছাত্ৰ ৰ সৈতে হোৱা বৈঠকী আলোচনাত তিৱা
জনজাতিৰ উন্নতিৰ কাৰণে এনে এটা সন্হা পতাটো ভাল বুলি বিবেচনা কৰি বাৰপূজীয়াতে
অভিৱত্তৰ্ন পাতি সেই সন্হাটোৰ কি নাম হব তাক ঠিৰাং কৰিবলৈ মত প্ৰকাশ কৰি ক্ষীৰোদ
পাতৰ আৰু মিলেশ্বৰ ডেকাদলৈ দেৱক দায়িত্ব অৰ্পন কৰে । তেওঁলোকে বাৰপূজীয়ালৈ আহি
এই লিখকৰ লগত কৰা আলোচনা মৰ্মে তাহানিৰ বন্ধুবৰ গিৰিধৰ পাতৰ ,বিশিষ্ট ব্যক্তি
মূগজীৰাম বৰদলৈ,প্ৰহ্লাদ সিংহ ডেকাদলৈ ,ভোকনাথ দেউৰী ,মহিসিং পাতৰ ,কামধৰ দলৈ ,চম্পেশ্বৰ
গাওঁবুঢ়া আদি কৰি গাৱঁৰ অন্যান্য ৰাইজৰ লগত আলোচনা আৰু সন্মতি ক্ৰমে ১৯৭১ চনৰ ২
আৰু ৩ ফ্ৰেব্ৰুৱাৰীত অভিৱত্তৰ্ন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই মতে
সময়ৰ তিৱা জনজাতিৰ কলেজ আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী বৰ্গক সংগঠন কৰি
সেই তাৰিখে বাৰপূজীয়াত অভিৱত্তৰ্ন পাতি
বুদ্ধিমান বৰদলৈ দেৱক সভাপতি হিচাপে,,ক্ষীৰোদ পাতৰক সাধাৰণ সম্পাদক আৰু গিৰিধৰ
পাতৰ উপ সভাপতি হিচাপে লৈ "সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলন জন্ম দিয়ে । তাতে "থোৰাং "নামৰ
সন্মিলনৰ এখন মুখপত্ৰ প্ৰতি বাৰ্ষিক অধিবেশনত প্ৰকাশৰ প্ৰস্তাৱ গ্ৰহণ কৰি যথাক্ৰমে
পদ্ম পাতৰক সম্পাদক ,এই লিখকক সহ সহকাৰি সম্পাদক হিচাপে মুখপত্ৰ দায়িত্ব অৰ্পন কৰে
।
.........next
Comments
Post a Comment