ৰিংছাং( A Tiwa word which means RISING SOUND) Finish
১৯৭২ চনৰ ১২ আৰু ১৩
ফ্ৰেব্ৰুৱাৰীত এই সন্মিলনৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয় । সেই অধিবেশনত বুদ্ধিমান বৰদলৈ দেৱক পুনৰ সভাপতি,গিৰিধৰ পাতৰক
সাধাৰন সম্পাদক আৰু পূৰ্বৰ সংগঠক ক্ষীৰোদ পাতৰ দেৱক লগতে নাৰায়ন কাকতি দেৱকযুটীয়া সম্পাদক হিচাবে
লৈ ১৮ জনীয়া এখন কাৰ্য্যনিৰ্বাহ সমিতি গঠন কৰি দিয়ে ।সেই অধিবেশনত থোৰাং আলোচনী সলনি ৰিংছাং নামৰ মুখপত্ৰ
প্ৰকাশৰ প্ৰস্তাৱ গ্ৰহণ কৰি পদ্ম পাতৰক সম্পাদক আৰু এই লিখকক সহকাৰী সম্পাদকৰ
দায়িত্ব অৰ্পন কৰে ।এই ৰিংছাং পৰৱৰ্তী কালৰ তিৱা ভাষা কৃষ্টি সংস্কৃতিৰ বুনিয়াদ ৰচনা কৰি গবেষক
সকলক আকৰ্ষণ কৰি তিৱা জাতিক এক সন্মান জনক অৱস্থা লৈ উন্নিত কৰাই।এই সন্মিলনৰ পিছতেই তিৱা
জনগোষ্ঠীৰ বিভিন্ন সমস্যা আলোচনা কৰি সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য কি হব তাৰ কাৰ্যসূচী
নিৰ্ধাৰণ কৰা হয় ।সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য দ্ৰষ্টব্য।
১৯৭২ ত কঠিয়াতলীত অনুষ্ঠিত হোৱা প্ৰথম অধিবেশনলৈ তিৱা ভাষাক বিজ্ঞান সন্মত
ভাৱে লিখি বুনিয়াদ ৰচনা কৰা খৃষ্টান কেথলিক নিছনৰ ফাদাৰ M.Baloram MD আমন্ত্ৰণ জনোৱা হৈছিল।এই জনা খৃষ্টান ধৰ্মপুথি
বাইবেল অনুবাদ কৰি তিৱা ভাষাক এক যোগ্য ভাষা হিচাপে প্ৰতিষ্ঠা কৰে । M.Bolram MD দেৱে তিৱা ভাষাত কুৰিখন গ্ৰন্থৰ
ৰচনা কৰি তিৱা ভাষাৰ বুনিয়াদ ৰচনা কৰি যায় ।তেওঁৰ ওপৰত তিৱা জনগোষ্ঠী যথেষ্ট ঋণি ।
১৯৭৩ চনত মাৰ্চ মাহত মৰিগাঁৱৰ নিকটবৰ্তী ডমাল আজাৰবাৰি অধিবেশনত ৰিংছাংৰ প্ৰথম
সংখ্যা প্ৰকাশৰ পিছৰ পৰাই বৌদ্ধিক সমাজত তিৱা জনগোষ্ঠীৰ সম্পৰ্কে বুদ্ধিজীৱীৰ আৰু
গৱেষক সকলৰ চকু তিৱা সমাজৰ জীৱন প্ৰনালী আৰু ইতিহাসৰ প্ৰতি গৱেষক মূলক দৃষ্টি আৱদ্ধ
হয় ।এই সময়ত আৰম্ভণিৰ পৰাই
নেতৃত্ব ভূমিকা লোৱা ব্যক্তিসকল বুদ্ধিমান বৰদলৈ,গিৰিধৰ পাতৰ,ক্ষীৰোদ পাতৰ আদি ।এইসকলৰ বাহিৰেও অগাপিছাকৈ
বহুতো ব্যক্তি বিশিষ্ট ভূমিকা আগ বঢ়াইছে ,যেনে প্ৰহ্লাদ সিংহ ডেকাদলৈ,চেনিৰাম কোঁৱৰ
আদি ।
তিৱা সাংস্কৃতিক জগতত শিল্পী ব্ৰহ্মনন্দ বড়ো ৰ নাম সদা ষ্মৰনীয় ।তেখেতৰ অৱদান তিৱা সাংস্কৃতিক
সন্ধিয়া যিয়ে উপভোগ কৰিছে সেই ষ্মৃতি কোনেও পাহৰিব নোৱাৰে ।১৯৭৪ চনত বাৰপুজীয়াত
প্ৰথম বাৰৰ বাবে সদৌ অসম ভিত্তিত যি তিৱা সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হৈছিল
সেই তিৱা সাংস্কৃতিক সন্ধিয়া আছিল তিৱা সাংস্কৃতিক সমাৰোহৰ ফেহুজালি পুৱা।ভেৰাকুচিত
তিৱা সাংস্কৃতিক সংঘৰ শিল্পী মকুন্দ তেৰনৰ - "অ মা পিচ্পুতি মা কাৰাইদ কাৰাইদ"তিৱা লোকগীতৰ
প্ৰানপৰশা বাহিৰ সুৰ আজিও শ্ৰোতাৰ কৰ্ণপতহত অনুকৰন হৈ আছে।
Comments
Post a Comment