স্বৰ্গীয় গম্ভিৰ চন্দ্ৰ বৰদলৈৰ চমু পৰিচয়
- Get link
- X
- Other Apps
চমু পৰিচয়:
অনুমান হয় ঊনৈশ শতিকা পৰিসমাপ্তি ঘটা বছৰতে বৰদলৈৰ দেৱৰ জন্ম হয় জাজৰি দলৈ গাৱৰ নিতান্ত দুখীয়া পৰিয়ালত ।সেইদিনত পঢ়া শালিৰ সংখ্যা যেনেকৈ তাকৰ, তেনেকৈ শিক্ষা প্ৰতি ধাউতি থকা লোকৰ সংখ্যা তেনেই নগণ্য । কি জনজাতি কি বৰ্ণহিন্দু এচাম লোকে তেতিয়া প্ৰাথমিক স্কুলৰ শিক্ষক বা মণ্ডল পাব পৰা বিদ্যা পালেই বহু পঢ়া শুনা হল বুলি ভাবে। এনে পৰিৱেশৰ মাজত লালিত পালিত হৈ বৰদলৈ দেৱে নিজ গাৱৰ পাঠশালাত বিদ্যাৰম্ভ কৰে । যথা সময়ত নিম্ন প্ৰাইমেৰী স্কুল উত্তীৰ্ন হৈ নগাঁও চৰকাৰী মজলীয়া স্কুলত ভৰ্ত্তি হয়গৈ । জাজৰিৰ পৰা নগাঁৱলৈ দূৰত্ব ১০ মাইল । তেতিয়াৰ দিনত যান বাহনৰ সুবিধা নথকাত নগাঁও চহৰৰ থাকিহে স্কুল কৰিব লগা হৈছিল । সেই সময়ত গোটেই নগাঁও জিলাত উচ্চ ইংৰাজী স্কুল এখনহে । সেই অনুপাতে মজলীয়া স্কুলো ২/৩ খন মানুহে আছিল । মজলীয়া স্কুল পাছ কৰি বৰদলৈদেৱে যোৰহাট নৰ্ম্মাল স্কুলত ভৰ্ত্তি হয়।অৰ্থৰ অভাৱত ইংৰাজী শিক্ষা পোৱাৰ সৌভাগ্য নঘটিল ।
নৰ্ম্মাল শেষ পৰীক্ষা দি আহি ৰহা মজলীয়া স্কুলত সহকাৰি শিক্ষকতা কৰে । তাৰ পাছত জিলাখনৰ বিভিন্ন মজলীয়া স্কুলত কাম কৰি শতিকাৰ চতুৰ্থ দশকতে শিৱসাগৰৰ মজলীয়া স্কুল স্কুলত চৰকাৰী চাকৰি ত কৰ্মৰত হয়৷ সেই সময়ৰ প্ৰধান শিক্ষক স্বৰ্গীয় উমাকান্ত গগৈদেৱে বৰদলৈৰ যোগ্যতা আস্হাভাজন হৈ স্কুলৰ সম্পূৰ্ণ দায়িত্ব তেখেতৰ হাতত দিয়ে । গগৈদেৱ নামত হে প্ৰধান শিক্ষক হৈ আছিল । পিছলৈ বৰদলৈ দেৱে সেই স্কুলতে প্ৰধান শিক্ষকৰ বহি দক্ষতাৰে বহুবছৰ স্কুল চলাই আছিল । কিন্তু তেওঁৰ ঘৰৰ অৱস্থা পঁয়ালগা হৈ পৰিছিল । ঘৰখনৰ প্ৰতি যাতে বিশেষ চকু দিব পাৰে সেই আশা বুকুত বান্ধি নগাৱঁৰ উচ্চ ইংৰাজী বিদ্যালয় লৈ বদলি হৈ আহে। কিন্তু বিধাতাই পাছ নেৰিলে ঘৰুৱা আলৈআহুকালে মনৰ শান্তি ব্যাহত কৰিলে । পানীত ভিজা মেকুৰী দৰে হল ,স্কুলৰ কামত উদাসীনতা আহি পৰিল । ছুটী লৈ লৈ থাকি পিছত চৰকাৰী চাকৰিৰ মায়া এৰিলে। চাকৰি এৰিলে হয় কিন্ত অৰ্থাভাৱ প্ৰকৃত হৈ উথিল । নিৰুপায় হৈ গাৱৰে এখন সাহায্যপ্ৰাপ্ত উচ্চ ইংৰাজী স্কুল ত পুনৰ শিক্ষকতা কে ব্ৰত কৰি লবলৈ বাধ্য হল। ৬০ বছৰ বয়সলৈকে তেওঁ স্কুলতে কাম কৰি অৱসৰ গ্ৰহৰ কৰে । তেতিয়াৰ পৰা তেওঁৰ অৱস্হা পানীত হাঁহ নচৰা হল । তথাপি জীৱনৰ বাকীছোৱা সময় সমাজৰ হকে উচৰ্গা কৰি গল । প্ৰতিখন সভাত উপস্থিত থাকি সুচিন্তিত পৰামৰ্শ দি জাতিতোক উৎসাহিত কৰিছিল ।
কিন্ত হায়!নিয়তিয়ে আলেঙে আলাঙে ছিদ্ৰ চাই থাকি এদিন দূৰাৰোগ্য কেন্সাৰ ৰোগৰ বিজাণু আলক্ষিতে সোমোৱাই দিলে৷ দেৰ বছৰ মান ভোগি ১৯৭০ চনত চিৰনিদ্ৰাত শয়ন ললে।
"জাতস্য হি ধ্ৰুবোমৃত্যুং ধ্ৰুবং জন্ম মৃতস্য চ।
তস্মাতপৰিহাৰ্য্যৰ্থে নত্বং শোচিতুৰ্মহসি ।।"
- Get link
- X
- Other Apps
Comments
Post a Comment