ৰিংছাং( A Tiwa word which means RISING SOUND) Finish

            ১৯৭২ চনৰ ১২ আৰু ১৩ ফ্ৰেব্ৰুৱাৰীত এই সন্মিলনৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয় । সেই অধিবেশনত বুদ্ধিমান বৰদলৈ দেৱক পুনৰ সভাপতি,গিৰিধৰ পাতৰক সাধাৰন সম্পাদক আৰু পূৰ্বৰ সংগঠক ক্ষীৰোদ পাতৰ দেৱক   লগতে নাৰায়ন কাকতি দেৱকযুটীয়া সম্পাদক হিচাবে লৈ ১৮ জনীয়া এখন কাৰ্য্যনিৰ্বাহ সমিতি গঠন কৰি দিয়ে । সেই অধিবেশনত থোৰাং আলোচনী সলনি ৰিংছাং নামৰ মুখপত্ৰ প্ৰকাশৰ প্ৰস্তাৱ গ্ৰহণ কৰি পদ্ম পাতৰক সম্পাদক আৰু এই লিখকক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পন কৰে । এই ৰিংছাং পৰৱৰ্তী কালৰ তিৱা ভাষা কৃষ্টি সংস্কৃতিৰ বুনিয়াদ ৰচনা কৰি গবেষক সকলক আকৰ্ষণ কৰি তিৱা জাতিক এক সন্মান জনক অৱস্থা লৈ উন্নিত কৰাই । এই সন্মিলনৰ পিছতেই তিৱা জনগোষ্ঠীৰ বিভিন্ন সমস্যা আলোচনা কৰি সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য কি হব তাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হয় । সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য দ্ৰষ্টব্য ।       ১৯৭২ ত কঠিয়াতলীত অনুষ্ঠিত হোৱা প্ৰথম অধিবেশনলৈ তিৱা ভাষাক বিজ্ঞান সন্মত ভাৱে লিখি বুনিয়াদ ৰচনা কৰা খৃষ্টান কেথলিক নিছনৰ ফাদাৰ M.Baloram MD আমন্ত্ৰণ জনোৱা হৈছিল।এই জনা খৃষ্টান ধৰ্মপুথি বাইবেল অন...

স্বৰ্গীয় গম্ভীৰ চন্দ্ৰ বৰদলৈৰ জীৱনলেখ্য ১


স্বৰ্গীয় গম্ভীৰ চন্দ্ৰ বৰদলৈ
-শ্ৰী গোপাল চন্দ্ৰ দাস
      স্বৰ্গীয় গম্ভীৰ চন্দ্ৰ বৰদলৈৰ লালুং জততিৰ প্ৰতি অৱদান গুনিলোকে স্মৰণ কৰি থাকিব তেখেত আছিল এজন সুদক্ষ শিক্ষক,সমাজ শৰ্মা আৰু সমাজ সংস্কাৰক, সংগীতকাৰ আৰু অগ্ৰগণি নেতাএনেহেন লোকৰ অকাল বিয়োগত লালুং সমাজৰ অপূৰণীয় ক্ষতি হলএই জনজাতি সম্প্ৰদায়ৰ ভিতৰত তেওঁয়েই সৰ্বপ্ৰথম নৰ্ম্মাল প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক একমাত্ৰ শিক্ষকতাৰ ভিত্তিত চলাৰ কাৰনেই শিক্ষা দান কাৰ্যত সফলতা হোৱা দৃষ্টান্ত বহুত পোৱা যায় তেসেতৰ গুণমুগ্ধ ছাত্ৰ সমাজে আজিও তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে তেখেতৰ শিক্ষনীয় কালত বাৰ্ষিক বা শেষ ফলাফল বিশেষ সন্তুসজনক হৈ আছিল শিক্ষা দান কাৰ্যত ছাত্ৰৰ প্ৰতি এফালে কেনেকৈ কঠোৰ নীতি মানি চলিছিল আনফালে আকৌ পুত্ৰৰ দৰে স্নেহ কৰিছিল৷ এই মাহৰ গুনৰ কাৰনে তেখেত ছাত্ৰ সমাজৰ মাজত অকপট স্নেহ,শ্ৰদ্ধা আৰু ভক্তিৰ পাত্ৰ হব পাৰিছিল
       বৰদলৈ দেৱে আজৰি সময়ত গীতৰ চৰ্চা পৰিছিল সেহে নিজে এজন সুগায়ক আছিল প্ৰান খুলি গান গাই আকাশ বতাহ নিনাদিত কৰিছিল৷ কিছুমান গান তেওঁ নিজেও ৰচনা কৰি সুৰ কৰিছিল। আনৰ গানৰ সুৰত সুৰ মিলাই ধেমেলীয়া গানো ৰচিছিল বৰদলৈদেৱ সৰ আস্বাদনতো চতুৰ আছিল কথাবাৰ্তাত ৰস পালে গিৰ্জনি মাৰি হাঁহিছিল স্ফূৰ্তি হাহিৰে যে প্ৰান তাৰে যেনিবা ই এটা নিদৰ্শণ
বৰদলৈ দেৱৰ সৰ্ব্বশ্ৰেষ্ঠ উল্লেখযোগ্য কাম হল সমাজ সেৱা যোৰহাট নৰ্ম্মাল প্ৰশিক্ষণ বিদ্যালয়ৰ পৰা ১৯১৮ চনত ওলাই আহি ৰহা মজলীয়া বিদ্যালয় ত সহকাৰী শিক্ষক পদত চাকৰি জীৱনৰ পাতনি মেলে সেই চনৰে পৰাই তেখেতৰ হিয়াত সমাজ সেৱাৰ বীজ অংকুৰিত হয়৷ ৰবিবাৰ আৰু আন বন্ধৰ দিনবোৰত নগাওঁ জিলাৰ পশ্চিমদিশত লালুং সমাজৰ কামত দেহে কেহে লাগি যায় গাঁৱে ভূঞে কেতিয়াবা দিনত কেতিয়াবা সন্ধিয়া সভা সমিতি পাতি সমাজৰ উন্নতিৰ হকে বক্তৃতা প্ৰদান কৰে বক্তৃতাৰ প্ৰধান লক্ষ্য হল শিশুক পঢ়াশালিলৈ প্ৰেৰন ,নাৰী,যুৱতী,শিশুক ৰাতি দূৰলৈ ভাওনা চাবলৈ নিবাৰণ,নাৰী আৰু পুৰুষ উভয়ে যাতে স্বজাতি ভিন্ন অন্য জাতিত হেদাৰি নবয় মুনিহলৈ ধান নানে,যুৱতীসকলে যাতে দূৰ ঠাইৰলৈ কোনো উৎসৱ চাবলৈ নেযায় ৰাতি ভাওনা চোৱা , হেদাৰি দিয়া কামত যিবোৰ অপায়-অমংগল,মান-সন্মানৰ লাঘৱ আদি হবৰ সম্ভাৱনা তাক বিবৰি ব্যাখ্যা কৰেএনেবোৰ ব্যৱস্থা ৰ পৰা লালুং জাতি সচেতন হল, তাৰ সুফল ফুলিবলৈ বেছি দিন নালাগিল স্বৰুপাৰ্থত কবলৈ গলে সমাজখন অংশিক পৰিমাণে তেখেতৰ যত্নত মাৰ্জিত হল
        নৰ্ন্মাল প্ৰশিক্ষণ বিদ্যালয় ৰ পৰা আহি চাকৰি জীৱনৰ ভালেমান বছৰলৈ বাৰ্দ্ধক্যৰ আক্ৰমণ নকৰালৈকে,স্বগীয় বৰদলৈ দেৱৰ খেলা-ধুলাৰ প্ৰতি বৰ সাপ আছিলআবেলি আবেলি প্ৰায় ফুটবল খেলিছিল খেলাৰ সুযোগ নঘটিলে ২/৪ জল লৰাৰ লগতে দৌৰ প্ৰতিযোগিতা কৰি শৰীৰৰ শ্ৰমৰ মৰ্য্যদা অক্ষুন্ন ৰাখিছিললেখা কামত তেখেতৰ হাত অতি খৰকৈ চলিছিল,আনকি কওঁতাজনকো চেৰ পেলাই তেখেতে আগেয়ে লিখি অটাই ৰৈ আছিল তীব্ৰ বেগত লিখিলেও আখৰৰ গঢ় একাধিক ক্ৰমে ধুনীয়া হৈয়ে থাকে আৰু বৰ্ণশুদ্ধি সমুলি নহৈছিল মৃত্যুৰ কেইবছৰমান আগতে তেখেতে লালুং বুৰঞ্জী এখন লিখি শেষ কৰিছিল ছপাশালত দিবলৈ কোনোবা এজনক ধুনিয়া কৈ লিখিবলৈ ভাৰ দিছিল সেই বস্তুটো বিচাৰি সদগতি লগাবলৈ তিৱা যুৱ ছাত্ৰ সমাজ যত্নশীল হোৱা টো সমীচিন হব

Comments

Popular posts from this blog

Agnigarh- Bana

Agnigarh -A Historical Site

ৰিংছাং( A Tiwa word which means RISING SOUND) Finish